Bokajan News:বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত ধূলিৰে বিপৰ্য্যস্ত বোকাজানৰ জনজীৱন
বোকাজান,২২ডিচেম্বৰ : বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত ধূলিৰে বিপৰ্য্যস্ত বোকাজানৰ জনজীৱন। কাৰখানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বুজ লʼলে আছুৰ সম্পাদক ছৰ্জুন হাঞ্চেই(Bokajan News)।
১৯৭৬ চনতে উৎপাদন আৰম্ভ হোৱা বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূলিয়ে সুদীৰ্ঘ দিন ধৰি বোকাজানবাসী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিষয়টোক কেন্দ্ৰ কৰি বোকাজানৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে ২০২৩ চনৰ মাৰ্চ মাহত প্ৰায় ৮ কোটি টকা ব্যয় সাপেক্ষে কাৰখানাৰ ধূলিৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ এক আঁচনি গ্ৰহণ কৰা হয়।
ছমাহৰ ভিতৰতে আঁচনি খন সম্পূৰ্ণ হোৱাৰ সময় ঘোষণা কৰা হৈছিল যদিও আজি পৰ্যন্ত আঁচনি খনৰ নিৰ্মাণ সম্পূৰ্ণ নহʼল। এনে এক পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ছৰ্জুন হাঞ্চেৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটা দল শনিবাৰে বিয়লি কাৰখানা চৌহদত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে কাৰখানা কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয়। আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে কাৰখানা কৰ্তৃপক্ষই অহা ডেৰ মাহৰ ভিতৰত আঁচনি খন কাৰ্যক্ষম হৈ উঠাৰ আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।
আনহাতে, বিলাতী মাটিৰ কাৰখানাটোৰ উন্নীতকৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে কাৰখানাৰ বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা নিবনুৱাক অগ্ৰাধিকাৰ দিব বুলি কাৰখানা কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰা বুলি অৱগত কৰে। আঁচনি খনৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰতিকূল বতৰ তথা ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে আঁচনি খনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ কিছু বিলম্ব হোৱা বুলি মত ব্যক্ত কৰে কাৰখানাৰ প্ৰৱন্ধক গৰাকীয়ে।
লগতে পঢ়ক :Tangla minor siblings double murder:পোহৰলৈ আহিল টংলাৰ ২ কিশোৰ হত্যাৰ ৰহস্য