Boiler Blast Triggers Major Fire In Dombivli Industrial Area : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ৬জন, আহত ৪৮জন

নেশ্যনেল ডেস্ক,২৩মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত ৬জন । গুৰুতৰভাৱে আহত ৪৮জন(Boiler Blast Triggers Major Fire In Dombivli Industrial Area) ।
মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনা ।
জানিব পৰা মতে বৃহস্পতিবাৰে থানে জিলাৰ ডাম্বিভলীৰ এটি কাৰখানাত বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ফলত কাৰখানাটোত কৰ্মৰত ৬গৰাকী শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হোৱাৰ লগতে আহত হয় ৪৮জন শ্ৰমিক । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কাৰখানাটোৰ ভিতৰত শ্ৰমিকসকল কাম কৰি আছিল(Boiler blast triggers fire at Dombivli chemical factory; 6 dead, 48 injured) ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।
লগতে পঢ়ক : বিদ্যালয়ৰ অধ্যক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক