WATCH | Bohag Bihu: মাখিয়তী গছৰ বিষয়ে আপুনি জানেনে?
জামুগুৰিহাট,১৩এপ্ৰিল : কাইলৈ গৰু বিহু৷ এই গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা এবিধ বিশেষ উদ্ভিদ হ’ল মাখিৱটি গছ। পুৱাই গৰুক নোৱাই ধোৱাই এৰি দিয়াৰ পাছত বিয়লি উভতি অহা ঘৰমুৱা গৰুক এইবিধ উদ্ভিদৰ ডাল পাতৰে মাখিৱটি মাখিপাত,মাখি মাৰো জাক জাক এই বাক্যশাৰীয়ে গোধনক কোবাই কোবাই ঘৰলৈ লৈ অনা হয়।
গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজন হোৱা তথা অসমীয়া গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱা এই গছবিধ হয়তো এতিয়া চিনি নাপায় নতুন প্ৰজন্মই। এটা সময়ত গ্ৰাম্যাঞ্চলৰ বিভিন্ন হাবি তথা জংঘলৰ লগতে মানুহৰ বাৰীৰ পিছফালে থকা এই গছবিধ সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰিলে। এটা সময়ৰ অতিকৈ সুলভ এই বিধ উদ্ভিদবিধ এতিয়া দুষ্প্ৰাপ্য হবলৈ গতি কৰিছে(Bohag Bihu)।
কিন্তু এনে এক সময়তে জামুগুৰিহাটৰ আগ্ৰীপাম গাঁৱৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ ঘৰৰ বাৰীৰ চৌহদত সংৰক্ষণ কৰি ৰাখিছে এই বিশেষ উদ্ভিদ জোপা। গাঁওখনৰ হেম বাহাদুৰ কাৰ্কি নামৰ ৪৫ উৰ্ধৰ এই ব্যক্তিজনে নিজৰ বাৰীত বছৰ বছৰ সংৰক্ষণ কৰি ৰাখিছে এই উদ্ভিদ।
এশৰো অধিক জোপা মাখিৱটি গছ সংৰক্ষণ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে।নৱ প্ৰজন্মৰ চিনাকি কৰাই দিয়াৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰখা এই মাখিৱটি গছৰ ডাল পাত গৰু বিহুৰ দিনা নিবলৈ আহে গৰু গাই পোহপাল দিয়া বহু লোক।অসমীয়া গ্ৰাম্য সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই বিশেষ উদ্ভিদজোপা সংৰক্ষণ কৰি ৰখাটো অত্যন্তই ইতিবাচক হিচাপে বিবেচিত হৈছে।
লগতে পঢ়ক : WATCH | Thyroid : আপোনাৰ থাইৰয়ডৰ সমস্যা আছে নেকি ?