WATCH | Bohag Bihu 2025: ডিব্রুগড় সাহিত্য সভা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ছয়দিনীয়া বিহুৰ আখৰা

ডিব্রুগড়, ৩ এপ্রিল: অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুলৈ কেইটামান দিন। চৌদিশে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দিনে-নিশাই চলিছে বিহুৰ আখৰা। ডিব্রুগড় সাহিত্য সভা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ছয়দিনীয়া বিহুৰ আখৰা।
ঐতিহ্যমণ্ডিত ডিব্রুগড় সাহিত্য সভা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ (জিডিপিচি) যৌথ উদ্যোগত আৰু নৃত্যাংগন কলা কেন্দ্র, মুর্চনা সংগীত বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত বিহু আখৰা শিবিৰৰ বন্তি প্রজ্বলনেৰে শুভ উদ্বোধন কৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট লেখক ড’ শশীকান্ত শইকীয়াই(Bohag Bihu 2025)।
ডিব্রুগড় সাহিত্য সভাৰ প্রেক্ষাগৃহত আজিৰে পৰা ছয় দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বিহুৰ আখৰা শিৱিৰত বিশিষ্ট লেখক ড’ শশীকান্ত শইকীয়াই কয় যে বিহুৱে অসমীয়া জাতীয় জীৱনৰ এক বার্তা কঢ়িয়াই আনিছে। আখৰা,কর্মশালাৰ যোগেদি নতুন প্রজন্মক বিহুনৃত্য শৈলী, ঢোল, পেপা, তালৰ বাদ্য আৰু গীতৰ সুৰ শুদ্ধ ৰূপত শিকোৱা হ’ব। ইয়াৰ জৰিয়তে নতুন প্রজন্মই বিহুক জনা আৰু বুজাত সহায় কৰিব বুলি উল্লেখ কৰি তেওঁ কয়, এনে মাধ্যমে অসমীয়া জাতীয় জীৱনৰ কৃষি, প্রেম আৰু সমাজৰ প্রাণবন্ত ছবি ফুটাই তোলাত সহায় কৰিব। সাংস্কৃতিক সংৰক্ষণ, সামজিক ঐক্য, যুব শক্তিক প্রেৰণা যোগোৱা এনে কর্মশালাই বিহুৰ গৌৰৱ উজলাই তোলাত সহায় কৰিব।
তেওঁ কয় গোলকীকৰণ, প্রযুক্তিৰ এই যুগত অসমীয়া পৰম্পৰাগত বিহুক জীয়াই ৰাখিবলৈকে উঠি অহা প্রজন্মক অসমীয়া ভাষা, সংস্কৃতিৰ বিষয়ে জ্ঞান দিয়া প্রয়োজন। ডিব্রুগড় সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁয়ে আঁত ধৰা কৰ্মশালা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট কবি ভাৰতী বৰুৱাই বিহুৰ তাৎপর্য ব্যাখ্যা কৰে। প্রায় তিনি শতাধিক শিক্ষার্থী উপস্থিত থকা এই কর্মশালাত বৰবিহুৱা, লোকবাদ্যৰ সাধক জিতেন দাস, বৰবিহুৱতী ৰুবী গগৈ সন্দিকৈ, বিশিষ্ট অনাতাঁৰ শিল্পী ভুৱন গগৈ, বিহুৱা হিৰকজ্যোতি শইকীয়া, বিহুৱা বিতুপন দাসকে প্রমুখ্য কৰি ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মিনাক্ষী দাস বৰুৱা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, ডিব্ৰুগড় সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ সহকাৰী আহ্বায়ক যানী সোনোৱাল,আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
উল্লেখ্য যে ডিব্রুগড় সাহিত্য সভাই অসমীয়া ভাষা, সংস্কৃতি সুৰক্ষাৰ বাবে আৰু নতুন প্রজন্মক ভাষা, সংস্কৃতিৰ জ্ঞান শুদ্ধ ৰূপত দিবলৈ প্ৰতিবছৰে নিৰন্তৰে বিভিন্ন কর্মশালা, আখৰা অনুষ্ঠিত কৰি আহিছে। একেদৰে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিক ক্ষেত্ৰ খনতে জড়িত হৈ নাথাকি সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি ক্ষেত্ৰতো এনেদৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ লগতে প্ৰতিবছৰে বিহু আখৰা শিবিৰ আয়োজন কৰি নৱ প্ৰজন্মক উদ্বোব্ধ কৰি আহিছে।
আজি এই আখৰাথলীত ডিব্ৰুগড় সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কুমাৰ পাতিৰ, হিৰণ্য কৌশিক বৰা,জিতু দাস,দিনেশ দাস,ইফতিকাৰ হুছেইনকে প্ৰমুখ্যে কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সন্তোষ যাদৱ,ছানাৱাজ আহমেদ,বাহু দেৱনাথ, প্ৰশান্ত শইকীয়া, ইন্দ্ৰজিৎ ৰজক সহ অন্যান্য বিষয়ববীয়া সদস্য শতাধিক অভিভাৱক উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: সোণাপুৰৰ যোৰাবাটত বিহু নাচৰ কৰ্মশালা