WATCH | Bohag Bihu 2025: হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী

টীয়ক,২৮ মাৰ্চ : হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী। ৰাজ্যবাসী ব্যস্ত ৰঙালীক আদৰিবলৈ ৷ কোনোবা যদি তাঁতৰ শালত ব্যস্ত কোনোবা আকৌ আঁখলত ব্যস্ত।
তাৰ মাজতে কান্ধত হেঁপাহৰ ঢোলটো লৈ বিহুতলিত আখৰাত ব্যস্ত অসমীয়া ডেকা গাভৰু। হয়, এয়া টীয়কৰ ৰংমন বালিমাহী বিহু হুঁচৰি দলৰ আখৰাৰ পৰিবেশ।বৃহত্তৰ টীয়কৰ কেইবাগৰাকীও ডেকা গাভৰু একত্ৰিত হৈ যোৱা এটা দশক এইদৰে নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে(Bohag Bihu 2025)।
অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিহুৱাৰ সহযোগিতাত পুৰণি বিহুনাম তথা ঢোলৰ চাপৰত এইসকল যুৱক যুৱতী আখৰা কৰিছে। ইপিনে এইবৰ্ষত তেওঁলোক চোতাল বিহু,মঞ্চ বিহুৰ সমান্তৰালকৈ প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰাৰ মনস্থ কৰিছে আৰু সেয়ে এতিয়া বেলি পৰালৈকে এইদৰে আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে বহু সময়ত কেৱল লাজ,ভয় আৰু উপযুক্ত মঞ্চৰ অভাৱত বহু প্ৰতিভা কলিতে মৰহি যায় সেয়ে স্থানীয় প্ৰতিভাসমূহক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এইদৰে ৰংমন বালিমাহী বিহু হুচৰিৰ দলে আজি দহটা বছৰে প্ৰচেষ্টা চলাই আহিছে বুলি মন্তব্য কৰিছে দলটো জ্যেষ্ঠ উদ্যোক্তাসকলে।
লগতে পঢ়ক : WATCH | Jorhat News : পুলিবৰ থানা অন্তৰ্গত ২নং দহোটিয়াত মাটি সম্পত্তিক লৈ ভয়ংকৰ ঘটনা