WATCH | Bohag Bihu 2025: আজি গৰু বিহু;ব্যাপক উচাহেৰে আৰম্ভ পৰম্পৰাগত সাতবিহু
শিৱসাগৰ,১৪এপ্ৰিল : চ’ত আৰু বহাগৰ সংক্ৰান্তিত আজি গৰু বিহু। অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰা এই দিনটোত গো-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰি গৰুক পুৱাই গা ধুৱাই দিয়া হয়। পূৰ্বৰে পৰা প্ৰচলিত এই পৰম্পৰা ৰক্ষা কৰি আজি শিৱসাগৰ নগৰৰ থানামুখৰ দিখৌ ঘাটত অঞ্চলটোৰ ৰাইজে গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰ কোবাই গৰুক সমূহীয়াভাৱে গা ধুৱায় ।
‘চাট’ত সী অনা লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিঁয়হ, হালধি, কেতুৰি আদি গৰুৰ গালৈ দলিয়াই অঞ্চলটোৰ কৃষিজীৱী ৰাইজে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে।
গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক ইজনে সিজনৰ লগত সলনাসলনি কৰে।
উল্লেখ্য যে, চাতবোৰ গোহালিৰ চালত গুজি থোৱা হয়। চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়(Bohag Bihu 2025)।
গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই জাগ দিয়া হয়। জাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰি অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি লুণীয়া পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি গো ধনক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰা হয়।এই বিহু আজি জিলা খনৰ প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীতে ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে ব্যাপক উৎসাহ উদ্বীপনাৰে উদযাপন কৰিছে।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: ৰঙালী বিহুক লৈ ৰাজ্যব্যাপী সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা