WATCH | Bohag Bihu 2025: ৰঙালী বিহুক লৈ ৰাজ্যব্যাপী সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা
সোণাৰি,১৪এপ্ৰিল : ৰঙালী বিহুক লৈ ৰাজ্যব্যাপী সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা।
আজি সাত বিহুৰ প্ৰথম দিনটো অসমবাসীয়ে উদযাপন কৰিছে গৰু বিহু হিচাপে।পুৱাই কৃষি প্ৰধান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে নৈ, বিল, পুখুৰীলৈ নিজৰ পোহনীয়া গৰু নি গাধুৱাই গৰু বিহু উদযাপন কৰে।
ইয়াৰ পিছতে ৰাইজে বিহু গীত গাই, নৃত্য কৰি অসমীয়া নতুন বছৰটোক আদৰণি জনায়। ঠায়ে ঠায়ে ৰাইজে পৰম্পৰা ৰক্ষা কৰি কণী যুঁজ প্ৰতিযোগিতাত ভাগ লৈ আনন্দ উল্লাস প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়(Bohag Bihu 2025)।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: পূৰ্বে কেনেকৈ উদযাপন কৰা হৈছিল ৰঙালী বিহু