Local, Vocal, Global

WATCH | Bohag Bihu 2025: বৰছিলাৰ গায়েন গাওঁৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হয় কণীযুঁজ প্ৰতিযোগিতা

গেলেকী,১৪এপ্ৰিল : আজি গৰু বিহু । ৰাজ্যৰ চুকে কুণে অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ।

পিছ পৰি ৰোৱা নাই বৰছিলাৰ গায়েন গাওঁৰ যুৱকসকলো ।

পুৱাই সমজুৱাকৈ গৰু গা ধোৱাৰ পিছত বৰছিলাৰ গায়েন গাওঁৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হয় কণীযুঁজ প্ৰতিযোগিতা(Bohag Bihu 2025)।

বৰছিলা গায়েন গাওঁৰ যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৰঙালী বিহু উৎসৱ ।

অহা ইংৰাজী ৯ মে’ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গায়েন গাওঁত ৰঙালী বিহু উৎসৱ ।

সেই উপলক্ষে আজি কাৰ্যালয় মুকলি আৰু কণীযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

এই কণী যুঁজ প্ৰতিযোগিতাত গাওঁখনৰ জেষ্ঠ জনৰ পৰা কনিষ্ঠ জনৰলৈকে অংশগ্ৰহণ কৰা দেখা যায় ।

আজিৰ এই কণীযুঁজ প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে পৰিবহণ বিষয়া দীগন্ত গায়ন আৰু স্থানীয় সমাজকৰ্মী পৰাগ গায়নে ।

ৰঙালী বিহুৰ যোগেদি সমাজত শান্তি শৃংখলা তথা সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় হোৱাৰ কামনা কৰিছে গায়েন গাওঁৰ যুৱ সমাজে ।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি টীয়ক বলমাত অনুষ্ঠিত হয় কণী যুঁজ