Local, Vocal, Global

WATCH | Bohag Bihu 2025: জামুগুৰিহাটৰ হাটিঙাত অনুষ্ঠিত বিহু কৰ্ম্মশালাৰ সফল সামৰণি

জামুগুৰিহাট,২৭মাৰ্চ : জামুগুৰিহাটৰ হাটিঙা ৰামপুৰৰ ৰান্দুপাম প্ৰাথমিক বিদ্যালয় খেলপথাৰ‌‌ত আনুষ্ঠিত দহ দিনীয়া বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে৷

ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ হাটিঙাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু কৰ্ম্মশালা খনিত অভিজ্ঞ মূখ্য প্ৰশিক্ষক অসমৰ বৰবিহুৱতী সাৰদা দেবী , মনজ্যোতি হাজৰিকাৰ লগতে প্ৰশিক্ষক ৰিতুস্মিন ভূঞা , পূজা ভূঞা আৰু সংগ্ৰাম ৰতন ৰাজবংশীয়ে শতাধিক কন কন শিশু, কিশোৰ কিশোৰী আৰু যুৱক, যুৱতীক ধোল বাদন পেপা বাদন আৰু বিহু নাছৰ প্ৰশিক্ষন প্ৰদান কৰি বাপতিসাহোন ৰঙালী বিহুৰ বাবে সাজু কৰি তোলা পৰিলক্ষিত হয়(Bohag Bihu 2025)৷

বিহু কৰ্ম্মশালাৰ সামৰনি অনুষ্ঠানটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট পেপা বাদক সোণ বৰুৱাই পেপা বজাই কাৰ্য্যসুচী শুভাৰম্ভ কৰে । বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে সমাজকৰ্মী লীলা শইকীয়া, নাৰায়ণ বৰুৱা আৰু গাওঁ প্ৰধান পুষ্প থাপাই৷এই দহ দিনীয়া বিহু কৰ্ম্মশালাত প্ৰশিক্ষণ গ্ৰহন কৰা সকলোকে ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা একোখনকৈ প্ৰমান পত্ৰও প্ৰদান কৰা হয়।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন