WATCH | Bohag Bihu 2025: ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি টীয়ক বলমাত অনুষ্ঠিত হয় কণী যুঁজ
টীয়ক,১৪এপ্ৰিল : আজি গৰু বিহু। গৰু গা ধুৱাই সমূহ ৰাইজে একেলগে কণী যুঁজকে ধৰি বিভিন্ন ৰং ধেমালি কৰাৰ এটা পৰম্পৰা আছে চহা অসমীয়া সমাজত।
আধুনিকতাৰ ধামখুমীয়াত এইবোৰ পৰম্পৰা ক্ৰমাত হ্ৰাস পাইছে যদিও অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ ঐতিহ্য ধৰি ৰাখিবলৈ চেষ্টা কৰিছে টীয়ক বলমাৰ আলোক যুৱ সংঘৰ পুথিভঁৰাল সমিতিয়ে।
হয়,পুথিভঁৰালৰ বাকৰিত এইদৰে গৰু নুমাই ধুৱাই ওচৰৰ কেইবাখনো গাৱঁৰ ডেকা গাভৰু একত্ৰিত হৈ এইদৰে পৰম্পৰাগতভাৱে কনী যুঁজ প্ৰতিযোগিতা আয়োজন কৰিছে।
উল্লেখযোগ্য যে হাঁহ,কুকুৰাকে ধৰি প্ৰায় ১৫০০ কণীৰে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হয় ৰাইজ আৰু সংঘৰ অন্যতম সদস্য ৰাজা শইকীয়াই সৰ্বোচ্চ কনী জিকি প্ৰতিযোগিতাত শ্ৰেষ্ঠ হিচাপে বিবেচিত হয়।
এনেবোৰ পৰম্পৰাই সকলোৰে মাজত এক সুন্দৰ ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে নিজৰ পৰম্পৰাৰ সৈতে নৱপ্ৰজন্মক চিনাকী কৰাই আকৃষ্ট কৰিব বুলি মন্তব্য উদ্যোক্তাসকলে।
লগতে পঢ়ক : WATCH | Jagiroad News : সুদীৰ্ঘ ২৫ বছৰ পিছত এইবেলি মেঘালয়ৰ লুমফৈ গাঁৱত অনুষ্ঠিত হ’ব পৰম্পৰাগত উৎসৱ ছগ্ৰা