Local, Vocal, Global

WATCH | Bohag Bihu 2025: বঙাইগাঁও জিলাৰ বইটামাৰীৰ বেছিমাৰীতো পালন গৰু বিহু

বঙাইগাঁও,১৪এপ্ৰিল : বছৰজোৰা অপেক্ষাৰ অন্তত পুনৰ পালেহি হেপাঁহৰ ৰঙালী। ৰঙালীৰ আগমনকলৈ চৌদিশ উথপথপ। আজি মেলানি মাগিব চতাইয়ে। অসমীয়া সমাজত আন সকলো জীৱতকৈ গৰুক আগস্থান দিয়া হয়। গৰু আমাৰ পিতৃ- মাতৃ তুল্য।

সেয়েহে বিহুৰ প্ৰথমটো দিনতে গৰু বিহু পালন কৰি গৰুক সন্মান যঁচা হয়। পুৱাতেই গৰুক গা ধুৱাই লাওঁ -বেঙেনাৰ মালা পিন্ধাই বছৰটোৰ বাবে সুস্থ্য – সবল হৈ থকাৰ বাবে প্ৰাৰ্থনা জনায় গঞাই(Bohag Bihu 2025)।

অসমীয়া সমাজত অতীজৰে পৰা চলি অহা এই পৰম্পৰাৰ পালনত বঙাইগাঁৱবাসীও জানো পিছ পৰি থাকিব পাৰে। সেয়েহে বঙাইগাঁও বাসীৰো বিহুকলৈ উঠিছে উছাহৰ ধল।

বঙাইগাঁও জিলাৰ বইটামাৰীৰ বেছিমাৰীত পুৱাই ঘৰৰ গৰু কেইটিক টুনি নদীলৈ নি গা- পা ধুৱাই দীঘলতী পাতেৰে কোবাই ” লাওঁ খা , বেগেনা খা , বছৰে বছৰে বাঢ়ি যা……..” বুলি পিতৃ -মাতৃ তুল্য গৰুটিৰ মঙ্গল কামনা কৰিছে গৃহস্থই।অতিকৈ আদৰৰ গৰু কেইটিক নোৱোৱা – ধুৱৱাৰ পিছত ভৱিষ্যতৰ কুশল কামনাৰে কোচ ৰাজবংশী পৰম্পৰাৰে নৃত্য – গীতত মগনহৈ পৰে গঞা ৰাইজ।

লগতে পঢ়ক : WATCH | Bohag Bihu 2025: সোণাপুৰৰ বটাকুছি গাঁৱত পুৱাই গৰু ধুৱাই গাঁওবাসীৰ সৈতে বিহু পালন ৰাজ্যিক সভাপতি দিলীপ শইকীয়া