WATCH | Bohag Bihu 2025: ভৰলীপৰীয়া কণ্যকা কৃষি পামত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাট,১৪এপ্ৰিল : ভৰলীপৰীয়া কণ্যকা কৃষি পামত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন বিধায়ক পদ্ম হাজৰিকাৰ ৷ সহস্ৰাধিক গৰুক নোৱাই ধোৱাই ৰাইজৰ আৰ্শীবাদ ল’লে বিধায়ক পদ্ম হাজৰিকাই ৷ বিহুবলীয়া ৰাইজৰে বিহু গাই আনন্দ ফুৰ্টি বিধায়ক পদ্মৰ(Bohag Bihu 2025)৷
জামুগুৰিহাটস্থিত ভৰলী পৰীয়া কন্যকা কৃষি পামত আজি পুৱাই উলহ মালহেৰে উদযাপন কৰা হয় বাপতি সাহোন গৰু বিহু ৷ পুৱাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মাংগলিক ৰীতি নীতিৰ মাজেৰে কণ্যকাৰ গোহালিত থকা সহস্ৰাধিক গৰুক মাহ হালধিৰে নোৱাই ধোৱাই তথা ঐতিহ্য পৰম্পৰা ৰক্ষাকৰি গৰু বিহু উদযাপন কৰে ৷ ইয়াৰ পাছতেই বিধায়ক গৰাকীয়ে কন্যকাত সমবেত হোৱা বিহুবলীয়া ৰাইজৰ লগত বিহুগীত গাই নাচিবাগি বিহুৰ আনন্দ ফুৰ্টিও কৰা দেখা যায় ৷
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: সমন্বয় ৰঙালী বিহু আদৰণি সন্মিলনীৰ ১৯ সংখ্যক ৰঙালী বিহু উদযাপন