WATCH | Bohag Bihu 2025: আমিনগাঁৱতো গৰু বিহুৰ মনোমোহা পৰিবেশ

উত্তৰ গুৱাহাটী,১৪এপ্ৰিল : আজি গৰু বিহু ।
চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত প্ৰতিজন অসমীয়া ই গো ধনৰ শ্ৰী বৃদ্ধি কামনাৰে উদযাপন কৰে গৰু বিহু ।
গৰু বিহু উপলক্ষে প্ৰতি গৰাকী চহা অসমীয়া কৃষকৰ মনত পাৰ ভঙা উছাহ ।
পৰম্পৰাগত ভাৱে গৰুক ধুৱাই নোৱাই গৰু বিহু উদযাপন গাঁৱবাসীৰ ।
আমিনগাঁৱতো গৰু বিহুৰ মনোমোহা পৰিবেশ ।
শিলাগ্ৰেন্ট সাৰ্বজনীন ব’হাগী উৎসৱ উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি পুষ্প ডেকাৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ পাৰত সমাপন কৰা হ’ল গৰুক গা ধুওৱা পৰ্ব ।
জীয়ৰী বোৱাৰী,যুৱক যুৱতীয়ে অংশ ল’লে এই দৃষ্টি নন্দন পৰম্পৰাত ।
লাউ খা,,বেঙেনা খা,,বছৰি বছৰি বাঢ়ি যা , প্ৰথাৰে পশুধনৰ মংগল কামনা কৰিলে সকলোৱে ।
আনন্দত মতলীয়া ৰাইজে নদীৰ পাৰত জুৰিলে বিহু গীত।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত পালন ৰঙালী বিহু