WATCH | Bohag Bihu 2025: আজি গৰু বিহুৰ দিনা উৎসৱ মুখৰ পৰিবেশ সৃষ্টি যোৰহাটৰ ভোগদৈ নৈত
যোৰহাট,১৪এপ্ৰিল : অসম তথা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। এই বিহুক কেন্দ্ৰ কৰিয়েই অসময়ী জাতিৰ আয়ুস ৰেখা নিৰ্ণয় হৈছে। আৰু অতিকৈ গুৰুত্বপূৰ্ণ হৈছে গৰু বিহু। কিয়নো কৃষি প্ৰধান অসমীয়া জাতিৰ বাবে অপৰিহাৰ্য অংগ হৈছে গৰু।
কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যত গৰু অসমীয়া ৰাইজৰ পূজ্য জন্তু। এই গৰুক পূজা কৰাৰ জৰিয়তেই আৰম্ভ হৈছে ৰঙালী বিহু। আজি গৰু বিহুৰ দিনা পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি যোৰহাটৰ মালৌ আলিৰ ভোগদৈ দলঙৰ সমীপত সৃষ্টি হয় উৎসৱমুখৰ পৰিবেশ(Bohag Bihu 2025)।
স্থানীয় শতাধিক ৰাইজে নিজৰ গৰু সমূহ ভোগদৈ নৈৰ পানীত নোৱাই ধোঁৱাই লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যে। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু গাই গৰুৰ গালৈ লাও, বেঙেনা, আদি দলিয়াই আনন্দ উল্লাস কৰা দেখা পোৱা যায়।
লগতে পঢ়ক : Watch | Goru bihu celebrations in sunari:সোণাৰিত গৰু বিহু উদযাপন