Local, Vocal, Global

WATCH | Bohag Bihu 2025: সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন

জাগীৰোড,২৭মাৰ্চ : সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন ।অহা ২০ আৰু ২১ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপনৰ প্ৰস্তুতি।

সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এইবেলিওঁ অহা ২০ আৰু ২১ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে(Bohag Bihu 2025) ৷

বুধবাৰে সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয ৷ জাগীৰোডৰ বিশিষ্ট ব্যক্তি মনোৰঞ্জন তামুলী আৰু জুৰচিং বৰদলৈয়ে ফিতা কাটি শুভ উদ্বোধন কৰে বিহুৰ অস্থায়ী কাৰ্যালয় ৷ বন্তি প্ৰজ্বলন কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাসে ৷ সদৌ জাগীৰোড ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি মনিন্দ্ৰ ডেকাই ৰঙালী বিহুৰ দুয়োদিনৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰে ৷

উল্লেখ্য যে এইবাৰ ২১ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠ শিল্পী দ্বিপান্বিতা ডেকাই ৷

লগতে পঢ়ক : WATCH | Rangia News :’অসমৰ বহু জনতাই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে’