Dead body recovered : গুৱাহাটী মহানগৰীৰ গীতা মন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহ
নিউজ ডেস্ক, ৩০অক্টোবৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । এইবাৰ গুৱাহাটী মহানগৰীৰ গীতা মন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহ । মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ(Body Recovered In Vehicle Carrying Money Near Geeta Mandir)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
এইবাৰ গুৱাহাটী মহানগৰীৰ গীতা মন্দিৰৰ সমীপত ATM ৰ গাড়ীত উদ্ধাৰ হৈছে মৃতদেহ(Youth’s body recovered near Geeta temple in Guwahati)।
জানিব পৰা মতে, মৃতদেহটো সমৰৰঞ্জন দাস বুলি চিনাক্ত কৰা হৈছে। তিনিদিনৰ ধৰি নিৰুদ্দিষ্ট হৈ আছিল সমৰৰঞ্জন ।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৃতকৰ পৰিয়ালৰ লোকক এই ঘটনাৰ বিষয়ে অৱগত কৰে।
বৰ্তমান মৃতদেহটো আৰক্ষীৰ জিম্মাত ৰখা হৈছে, আৰু নুনমাটি আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : Dead body recovered : উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ মৃতদেহ