Local, Vocal, Global

Body Of Youth Found In Guwahati’s Radisson Blu Hotel : মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । এই মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত উদ্ধাৰ যুৱকৰ মৃতদেহ । হোটেল ৰেডিছন ব্লু কোঠাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো(Body Of Youth Found In Guwahati’s Radisson Blu Hotel)।

মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত লোমহৰ্ষক হত্যাকাণ্ড । ৰেডিছন ব্লু’ৰ বন্ধ কোঠাত চোকা অস্ত্ৰৰে হানি-খুচি হত্যা যুৱকক ।

জানিব পৰা মতে, হত্যাকাণ্ডৰ বলি হোৱা লোকজন কলকাতাৰ নিবাসী সঞ্জীব সুৰেশ। প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে(Body Of Youth Found In Guwahati’s Radisson Blu Hotel, 2 Detained) ।

উল্লেখযোগ্য যে,কলকাতাৰ দুই যুৱকৰ বিৰুদ্ধে এই ভয়ংকৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে । হত্যাকাণ্ড সংঘটিত কৰিয়েই দুই অভিযুক্তই পলায়ন কৰে যদিও বিমানবন্দৰলৈ যোৱাৰ পথত অভিযুক্ত হত্যাকাৰী প্ৰেমিক-প্ৰেমিকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী, CID, ফৰেনচিকৰ দল উপস্থিত হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অৱশ্যে, এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষী তথা হোটেল কৰ্তৃপক্ষই মৌন হৈ আছে।

লগতে পঢ়ক :Bharat Jodo Nyay Yatra : আজি ২৪ দিনত ভৰি দিলে ভাৰত জোড়ো ন্যায় যাত্ৰাই