Local, Vocal, Global

দীপৰ বিল অঞ্চলত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৩ জুন : দেওবাৰে পুৱা গুৱাহাটীৰ দীপৰ বিল অঞ্চলৰ মাটিয়াৰ ওচৰত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ।

স্থানীয়লোকে মৃতদেহটো প্ৰতক্ষ্য কৰি আজাৰা আৰক্ষীক অৱগত কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীয়ে মন্তব্য অনুসৰি, মৃতদেহটোৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই, লোকজনৰ বয়স প্ৰায় ২৭ বছৰ বুলি কোৱা হৈছে।

আনহাতে, স্থানীয় লোকসকলে মানুহজনক হত্যা কৰাৰ পাছত তেওঁৰ মৃতদেহ ৰেলপথৰ কাষত পেলাই দিয়া হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব,।