মহানগৰীৰ উৰণীয়া সেঁতুত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২০ মাৰ্চঃ হোলীৰ আনন্দৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ খানাপাৰাৰ উৰণীয়া সেঁতুত পুৱতি নিশা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়।
খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ত চলি থকা হুনৰ হাটৰ ভিৰৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰে আৰক্ষীয়ে।
নিশাৰ ভাগত বাহন সমূহৰ তীব্ৰতা আৰু অধিক হৈ পৰাৰ বাবেই কোনো বাহনৰ খুন্দাত কিশোৰীগৰাকীয়ে মৃত্যুক সাৱতি লোৱাৰ সন্দেহ ।
অৱশ্যে বৰ্তমানলৈকে কিশোৰীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰা নাই আৰক্ষীয়ে। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।