body of missing youth found in siang river of jonai : : অৱশেষত উদ্ধাৰ চিয়াং নদীত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ
নিউজ ডেস্ক,২০মে’ : অৱশেষত উদ্ধাৰ ধেমাজি জিলাৰ জোনাইৰ চিয়াং নদীত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ । দেওবাৰে জোনাই থানাৰ আৰক্ষী আৰু এছ ডিআৰএফে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।
উল্লেখ্য যে যোৱা ১৩ মে’ দিনৰ ২ বজাত জোনাইৰ বেৰা বেংগলী গাঁৱৰ ভুৱন দাস নামৰ যুৱকজনে একেখন গাঁৱৰে দুই যুৱকৰ সৈতে এখন সৰু যন্ত্ৰচালিত নাৱত চিয়াং নদীত মাছ মাৰিবলৈ গৈছিল । কিন্তু মাছ মাৰি ঘৰলৈ ওভতি অহাৰ সময়ত ১৪ মে’ৰ পুৱা ৪ বজাত নাওখনৰ পৰা পিছল খাই নদীত সন্ধানহীন হৈ পৰে(body of missing youth found in siang river of jonai) ।
এই ঘটনাটোৰ পিছতে জোনাই থানাৰ আৰক্ষী আৰু এছ ডিআৰএফে নদীৰ বুকুত দিনটোত উদ্ধাৰ অভিযান চলায় যদিও যুৱকজনৰ কোনো ধৰণৰ সন্ধান পাবলৈ সক্ষম নহ’ল । কিন্তু দেওবাৰে চিয়াং নদীৰ কাষতে লাগি থকা নিগনী টুকুৰা নামৰ সুঁতিত এজন মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে । লগে লগে জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশা জোনাই আৰক্ষী থানাত ৰখাৰ পিছতে সোমবাৰে পুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজিলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Residents Reach Breaking Point Over Dumping Rush : গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ