Local, Vocal, Global

Body Of Missing Man Found In Chaygaon : পথৰ দাঁতিত উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,১৩মে’ : ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ ।প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Body Of Missing Man Found In Chaygaon)।

এইবাৰ ছয়গাঁৱত উদ্ধাৰ হৈছে এটা মৃতদেহ। উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় উৱঁলি যোৱা মৃতদেহ । উৱঁলি যোৱা মৃতদেহটো উমা কলিতাৰ পুত্ৰ হেমন্ত কলিতা (৩৫) ৰ বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, যোৱা ৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল হেমন্ত কলিতা আৰু দেওবাৰে সন্ধিয়া পথৰ দাঁতিত উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়(Body Of Missing Man Found In Chaygaon) ।

এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে ।

উল্লেখযোগ্য যে আজি কেবাদিন ধৰি হেমন্ত কলিতাৰ মোবাইল বন্ধ হৈ আছিল ।

এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈ পোহৰলৈ অহা নাই । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক : Union Minister Sarbananda Sonowal departs for Iran : ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱা