Local, Vocal, Global

Watch | Body of a Royal Bengal Tiger was found in Polkata Tapu: পল’কটা টাপুত এটা ৰয়েল বেংগল টাইগাৰৰ মৃতদেহ উদ্ধাৰ

বিশ্বনাথ: কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পল’কটা টাপুত এটা ৰয়েল বেংগল টাইগাৰৰ মৃতদেহ উদ্ধাৰ ৷ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ফেৰেংগাডাউ কেম্পৰ বন কৰ্মীয়ে প্ৰত্যক্ষ কৰে মৃত বাঘটো ৷ পশু চিকিৎসকৰ দল উপস্থিত হৈ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে বাঘটোৰ ৷ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত NTCA ৰ গাইডলাইন অনুসৰি বাঘটোৰ মৃতদেহ দাহন কৰে বন বিভাগে ৷ দুবছৰীয়া বাঘটো আন জন্তুৰ দ্বাৰা আঘাত প্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে। ফৰেণচিকৰ দলে পৰীক্ষা কৰাৰ পিছতহে বাঘৰ মৃত্যুৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।