Local, Vocal, Global

মহানগৰীৰ ফ্লেটৰ চিৰিত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,১৭ মাৰ্চঃ বুধবাৰে নিশা গুৱাহাটী মহানগৰীৰ গীতানগৰৰ ফ্লেটৰ চিৰিত এটা মৃতদেহ উদ্ধাৰ হয়।
পুনৰ গুৱাহাটীৰ গীতানগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গীতানগৰৰ ছনিয়া এনক্লেভৰ ৫নং মহলাৰ চিৰিত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ।

মৃত যুৱকজন হাফলঙৰ আজাৰীয়া বুলি জানিব পৰা গৈছে। লগতে তেওঁ ফ্লেটটোত ভগ্নীৰ ওচৰলৈ আহিছিল। অৱশ্যে যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।  

উল্লেখ্য যে, বিগত কিছুদিন ধৰি অপৰাধনগৰীলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰ। প্ৰতিদিনে ন-ন অপৰাধজনিত ঘটনাই একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰত।