Local, Vocal, Global

Bodies of two including a girl found hanging from tree : বাগিচাত চীপ লৈ আত্মহত্যা যুৱক-যুৱতীৰ

ডুমডুমা,৮এপ্ৰিল : চীপ লৈ একেলগে আত্মহত্যা যুৱক-যুৱতীৰ ।

ডুমডুমাৰ চামডাং চাহ বাগিচাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । চামডাং বাগিচাৰ মাজৰ গছত চীপ লৈ একেলগে আত্মহত্যা যুৱক-যুৱতীৰ(Bodies of two including a girl found hanging from tree) ।

সোমবাৰে পুৱা বাগিচাখনৰ নতুন লাইনৰ যুৱক-যুৱতীদ্বয়ক পুৱা কামলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱক- যুৱতীক হালক উদ্ধাৰ কৰে(Bodies of two including a girl found hanging from tree in Tinsukia) ।

মৃত দুই যুৱক-যুৱতী ১৯ বছৰীয়া শ্যাম প্ৰজা আৰু ২১ বছৰীয়া সংগীতা ভুমিজ বুলি জানিব পৰা গৈছে ।

আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ।প্ৰাৰম্ভিক পৰিস্থিতিত প্ৰেমজনিত কাৰণতে যুৱক-যুৱতীদ্বয়ে আত্মহননৰ পথ লোৱা বুলি সন্দেহ কৰিছে ।

ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Mother hacks her three children to death : জন্মদাত্ৰী মাতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক