অসমৰ ৪ যুৱকৰ নিথৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২২ জুলাই : ২০ জুলাইৰে পৰা অৰুণাচলত সন্ধানহীন হৈ থকা ৪ যুৱকৰ নিথৰ মৃতদেহ উদ্ধাৰ ।
অৰুণাচল ভ্ৰমণলৈ বুলি বন্ধুৰ সৈতে উলাই গৈছিল ৪ জন যুৱক। কিন্তু অসমৰ চুবুৰিয়া ৰাজ্যখনৰ চেঁচা-ডিৰাং পথত সন্ধানহীন হৈ পৰিছিল যুৱক কেইগৰাকী।
আজি, উদ্ধাৰকাৰী দলে পাহাৰৰ পৰা পৰি যোৱা অৱস্থাত সিচঁৰিত হৈ থকা প্ৰত্যক্ষ কৰে মৃতদেহ কেইটা।
কালিৰে পৰা যুৱককেইজনৰ সন্ধান কাৰ্য চলি আছিল যদিও আজিহে উদ্ধাৰ হয় যুৱককেইজনৰ মৃতদেহ।
উল্লেখ্য যে, ১৯ জুলাইৰ সন্ধিয়াৰে পৰা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰিছিল যুৱককেইজনৰ।
দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱা যুৱককেইজনক নগাঁও জিলাৰ বেদান্ত বৰমেহেলা, নয়ন বসুমতাৰী, সঞ্জীৱ দাস আৰু হীৰক বড়ো বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জনেৱা অনুসৰি ঘন কুঁৱলিৰ বাবেই সংঘটিত হয় এই কৰুণ তথা শোকাৱহ দুৰ্ঘটনাটো।