Local, Vocal, Global

WATCH | Boat Carrying Schoolchildren Capsizes : বৰক্ষেত্ৰীৰ পেৰাধৰা চৰত ভয়ংকৰ নাও দুৰ্ঘটনা

নলবাৰী,১৯জুন : বৰক্ষেত্ৰীৰ পেৰাধৰা চৰত ভয়ংকৰ নাও দুৰ্ঘটনা। চাৰি ঘণ্টাৰ মূৰত স্থানীয় লোকে মাছ মৰা জালেৰে উদ্ধাৰ কৰে এজন ছাত্ৰৰ নিথৰ মৃতদেহ।

বৰক্ষেত্ৰীৰ পেৰাধৰা চৰত সংঘটিত হোৱা হৃদয় বিদাৰক নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈছিল স্কুলীয়া শিক্ষাৰ্থীসহ কেইবাজনো লোক।

পেৰাধৰা পাৰঘাটৰ ন-দিয়া চৰৰ পৰা বিভিন্ন প্ৰান্তৰ বিদ্যালয়লৈ প্ৰতিদিনৰ দৰেই বিপদসংকুলভাৱে ১৩৭ জনৰো অধিক যাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই গৈ থকা অৱস্থাত সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো।

জানিব পৰা মতে, কেইবাজনো ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ যাত্ৰীৰে পৰিপূৰ্ণ আছিল নাওঁখন। নাওঁৰ মূধচত থকা চালি উঠিছিল কেইবাজনো ছাত্ৰ ছাত্ৰী। অত্যধিক ওজন সহিব নোৱাৰি চালিখন ভাঙি পৰিছিল ছাত্ৰ ছাত্ৰীসকল। ফলত নাওঁখন তুলুং ভুটুং কৰাত প্ৰাণৰ মমতাত পানীত জাপ মা ছাত্ৰ ছাত্ৰীসকলে। দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰিয়েই ওচৰতে থকা অন্য নাওঁৰীয়া আৰু স্থানীয় লোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যদিও বাৰিষা হোৱাৰ বাবেই সম্পূৰ্ণ সফল নহ’ল তেওঁলোক(Boat Carrying Schoolchildren Capsizes)।

বাতৰি লিখা পৰলৈ বহু লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। চাৰি ঘণ্টা জেৰা উদ্ধাৰ অভিযানৰ পিছত স্থানীয় লোকে মাছমৰা জালেৰে এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি লাৰকুছিৰ পেৰাধৰাত থকা এই ঘাটটোৰ নিচেই ওচৰতে অৰ্থাৎ ৰামপুৰস্থিত আভ্যন্তৰীন জল পৰিবহণ বিভাগৰ কাৰ্যালয় থকাৰ পিছতো কেনেকৈ সংঘটিত হ’ল এই ভয়াবহ দুৰ্ঘটনাটো।

স্থানীয় লোকৰ অভিযোগ অনুসৰি এই অবৈধ নাওঁসমূহত লাইফ জেকেট আৰু লাইফ বয়ৰ দৰে সুৰক্ষাৰ কোনো ব্যৱস্থা নথকাৰ ফলতে এনে হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে। ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষীৰ লোকৰ লগতে SDRF-NDRF ৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই তুলুঙা নাওঁসমূহৰ যাত্ৰী কঢ়িওৱা সক্ষমতা অনুসৰি নাওঁসমূহত যাত্ৰী বহন নকৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। উল্লেখ্য পূৰ্বেও আভ্যন্তৰীন জল পৰিবহণ বিভাগৰ হেমাহিৰ ফলতে বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলত বহুকেইটা সৰু বৰ নাওঁ দুৰ্ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক : WATCH | Doom Dooma News : গুৰু, শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক