WATCH | Boat Carrying Schoolchildren Capsizes : নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা
বৰক্ষেত্ৰী,১৯জুন : নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷
বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটত নাও দুৰ্ঘটনা ৷
নাও ভাগি নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে কেইবাজনো যাত্ৰী ৷
দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱাৰ আশংকা ৷
চৰাঞ্চলৰ পৰা নৈৰ সুতি পাৰ হৈ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটলৈ আহি আছিল নাওখন(Boat Carrying Schoolchildren Capsizes)৷
অত্যাধিক যাত্ৰী কঢ়িয়াই নৈৰ সুঁতি পাৰ হ’বলৈ চেষ্টা কৰিছিল নাৱৰীয়াই ৷
নাওখনত আছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় শতাধিক লোক ৷
নৈৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ হৈছে কেইবাজনো লোক ৷
স্থানীয় লোকে নৈৰ বুকুত যন্ত্ৰচালিত নাৱৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান ৷
দুৰ্ঘটনাত পতিত নাওখনত নাছিল কোনো ধৰণৰ নিৰাপত্তা ৷
নাওখনত নাছিল লাইফ জেকেট ৷
আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ হাততো নাই নাওখনৰ যাত্ৰীৰ তথ্য ৷
ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী প্ৰশাসন।
ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।