Local, Vocal, Global

Boat Capsized : উজানী বান্ধত যাত্ৰীবাহী নাও ডুবি শিশুসহ মৃত্যু ৫জনৰ, সন্ধানহীন ১জন

নেশ্যনেল ডেস্ক,২২মে’ : মহাৰাষ্ট্ৰৰ পুণেত উজানী বান্ধত অঘটন । মঙলবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ পুণেত উজানী বান্ধত এখন যাত্ৰীবাহী নাও ডুব যায় । ফলত প্ৰায় ছয়জন লোক সন্ধানহীন হয় । অৱশ্যে এজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে ৷

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ উদ্ধাৰ কাৰী দলে ওৰে নিশা উদ্ধাৰ অভিযান চলাই যদিও সন্ধানহীন লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে( boat capsizes in Ujani dam near Kalashi village ) ।

জানিব পৰা মতে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ উপ-পৰিদৰ্শক ৰাহুল ডংগ্ৰে নাওখনত আছিল আৰু তেওঁ কোনোমতে সাঁতুৰি পাৰত উপস্থিত হোৱাত প্ৰাণৰক্ষা পৰে ৷ তেওঁ লগে লগে স্থানীয় লোক আৰু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছতেই সন্ধানহীন লোকসকলক বিচাৰি ওৰে নিশা উদ্ধাৰ অভিযান চলোৱা হয় আৰু আজি ইয়াৰে ৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

সোলাপুৰ আৰু পুণে জিলাৰ স্থানীয় প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে নাওখনত থকা যাত্ৰীসকলক চিনাক্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ প্ৰচণ্ড ধুমুহা-বতাহৰ বাবে নাওখন ডুব যোৱা বুলি জানিব পৰা হৈছে ৷

দুৰ্ঘটনাগ্ৰস্ত নাওখন সোলাপুৰ জিলাৰ কৰমালা তালুকৰ কুগাঁৱৰ পৰা ইন্দাপুৰ তালুকৰ কালাশী গাঁৱলৈ গৈছিল ৷ নাওখনত থকা সাতজন যাত্ৰী কুগাঁও আৰু ঝাৰৰে (বৰ্তমান কৰমালা) ৰ বাসিন্দা আছিল । কুগাঁও(কৰমালা) আৰু কালাশী (ইন্দাপুৰ)ৰ মাজত নাৱেৰে দৈনিক বহু যাত্ৰীয়ে যাতায়াত কৰে । সাধাৰণতে এই নাওখনে দিনটোত যাত্ৰী লৈ ১০-১৫ বাৰ যাতায়াত কৰে ।

লগতে পঢ়ক : sai baba devotees collides with truck : ভক্ত কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত; আহত ১৮জনকৈ যাত্ৰী