Boat accident in Dhubri : আজি অভিশপ্ত ৩০ এপ্ৰিল;আজিৰ দিনটোতে মেদৰটাৰীৰ নাও দুৰ্ঘটনাত অৰ্ধ শতাধিক দুৰ্ভগীয়া যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল
নিউজ ডেস্ক,৩০এপ্ৰিল : আজি অভিশপ্ত ৩০ এপ্ৰিল। আজিৰ দিনটোতে মেদৰটাৰীৰ নাও দুৰ্ঘটনাত অৰ্ধ শতাধিক দুৰ্ভগীয়া যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল ।
আজিৰ দিনটো মনত পৰিলেই সকলোৰে বুকু কপি উঠে। আজিৰ দিনটোতে ২০১২ চনত সংঘটিত হৈছিল বিশ্ব কঁপাই যোৱা বুঢ়াবুঢ়ী মেদৰটাৰীৰ ভয়ানক নাও দুৰ্ঘটনা। যি দুৰ্ঘটনাৰ কথা মনলৈ আহিলে এতিয়াও বুকু কপি উঠে সকলোৰে।
যি দুৰ্ঘটনাত প্ৰাণ গৈছিল ৪৪জনকৈ নিৰহ লোকৰ । ৩০ এপ্ৰিলৰ দিনটো আহিলে আজিও বুকু কঁপি উঠে মেদৰটাৰীবাসীৰ । বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত শ্বহীদ হোৱা লোকৰ পৰিয়ালৰ লোক । পিতৃ-মাতৃ অথবা পৰিয়ালৰ লোক হেৰুওৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰটাৰীবাসী । কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন মনত নপৰে চৰকাৰৰ । কাৰণ ঠাইডোখৰত আজিও এক নিমাওমাও পৰিবেশ(Boat accident in Dhubri ) ।
তেতিয়াৰ চৰকাৰে মেদৰটাৰী অঞ্চলৰ ৰাস্তাঘাট,স্কুল,চিকিৎসালয় সকলো উন্নয়নৰ কথা কৈছিল। কিন্তু প্ৰতিশ্ৰুতি যেন কেৱল প্ৰতিশ্ৰুতি হৈ ৰল । এ আই ইউ ডি এফ প্ৰধান তথা তেতিয়াৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঠাইডোখৰলৈ দিব বিচাৰিছিল ১৮জন বিধায়কৰ দৰমহা । সকলোৱে যেন পাহৰি গল সেই দিনটো । কেৱল পাহৰিব পৰা নাই যিসকল লোক শ্বহীদ হৈছে তেওঁলোকৰ সন্তান অথবা পৰিয়ালৰ লোক ।
লগতে পঢ়ক : Tragic Accidents in Marigaon : নিয়ন্ত্ৰণ হেৰুৱাই ইটা কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত;থিতাতে নিহত এজন