Local, Vocal, Global

পুনৰ ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৩ জুলাই : আজি বিয়লি হোৱা এজাক প্ৰচণ্ড বতাহ–বৰষুণত ধুবুৰী জিলাৰ বৰ লুইতৰ পাৰঘাটত ৰৈ থকা এখন মালবাহী নাওঁ পানীত বুৰ যায়।

চহৰখনৰ পঞ্চুঘাট নামৰ পাৰঘাটত বুৰ যোৱা মালবাহী নাওঁখনত কেইবালাখ টকাৰ সামগ্ৰী আছিল বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মালবাহী নাওঁখন ধুবুৰী পৰা বিভিন্ন সামগ্ৰী লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰিলৈ যোৱাৰ কথা আছিল ।