Local, Vocal, Global

Boat Accident at River Gangadhar : শোকাৱহ নাও দুৰ্ঘটনা; নৈত ডুবি মৃত্যু এজনৰ, জীৱন্তে উদ্ধাৰ দুই কন্যা সন্তানক

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা। নৈত ডুবি মৃত্যু এজনৰ, ৰাইজে জীৱন্তে উদ্ধাৰ কৰিলে দুই কন্যা সন্তানক(Boat Accident at River Gangadhar)।

গোলকগঞ্জৰ গংগাধৰ নৈত নাও দুৰ্ঘটনা সংঘটিত হয় । এই নাও দুৰ্ঘটনাত মালেক আলী মণ্ডল নামৰ এজন লোক নৈৰ সোঁতত উটি যায়। লোকজনে কন্যা আৰু ভজিতাকৰ সৈতে নাৱত গৈ আছিল। সন্তানক টুলুঙা নাৱেৰে বিদ্যালয়লৈ লৈ যোৱাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ।এই দুৰ্ঘটনাটোত মালেক আলীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। তেওঁৰ দুগৰাকী কন্যা আৰু ভতিজাকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে(Boat Accident at River Gangadhar in Golakganj)।

উল্লেখ্য যে, নিজৰ দুই সন্তান আৰু ভতিজাক লৈ বিদ্যালয়লৈ যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। কন্যা আৰু ভতিজাক লৈ টুলুঙা নাওৰে পিতৃ মালেক আলী মণ্ডল অকলে যাত্ৰা কৰিছিল। মাজ নদীত নাওখনত পানী উঠি বুৰি যায়। নিজৰ দুই কন্যা আৰু ভতিজাক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নিজে পানীৰ সোঁতত উটি যায়। মালেকৰ ঘৰ আগমনি থানাৰ অন্তৰ্গত সাতভনীৰ পাৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতেই মালেকক বিচাৰি স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলায়। ইতিমধ্যে স্থানীয় ৰাইজে অভিযান চলাই মালেক আলীৰ মৃতদেহ উদ্ধাৰ কৰে(Boat Accident at River Gangadhar in Golakganj)।

লগতে পঢ়ক :Road Accident in Pune : ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৮জনকৈ লোক