Boat accident at Godadhar river : বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই গদাধৰ নদীত সন্ধানহীন হোৱা শ্বাবিনুৰ ৰহমান
ধুবুৰী,২৯জুলাই : বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই গদাধৰ নদীত ডুব যোৱা শ্বাবিনুৰ ৰহমান । পিতৃ উল্লাহ বক্ম মৃতদেহ এছডিআৰএফ বাহিনীৰ দলে উদ্ধাৰ কৰে যদিও পুত্ৰ শ্বাবিনুৰ ৰহমান বৰ্তমানেও সন্ধানহীন ।
উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰত দেওবাৰে নিশা প্ৰায় ৯ বজাত সান্জুৱাৰ কুটি গাঁৱৰ এহাল পিতা-পুত্ৰই গৌৰীপুৰৰ পৰা গৃহ অভিমুখে যাবলৈ গদাধৰ নদী পাৰ হবলৈ টুলুঙা নাৱেৰে যাত্ৰা আৰম্ভ কৰে। নাৱেৰে আহি থকা অৱস্থাত হঠাৎ মাজ নদীত ৰহস্যজনক ভাৱে নাওখন নৈত ডুব যায়। নিখোজ হৈ পৰে পিতৃ উল্লাহ বক্ম আৰু পুত্ৰ শ্বাবিনুৰ ৰহমান। লগে লগে স্থানীয় ৰাইজে নিশাৰ ভাগতে পিতা পুত্ৰৰ সন্ধান বিচাৰি অভিযান চলায় যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী দল উপস্থিত হয়(Boat accident at Godadhar river)।
এছডিআৰএফ বাহিনীয়ে ৰাতিটো অভিযান চলাই যদিও আজি পুৱাই পিতৃ উল্লাহ বক্মৰ মৃতদেহ উদ্ধাৰ কৰে।
যদিও পুত্ৰ শ্বাবিনুৰ ৰহমানৰ এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই। ইপিনে উল্লাহ বক্মৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানে শ্বাবিনুৰ ৰহমানক বিচাৰি এছ ডি আৰ এফ বাহিনীয়ে গদাধৰ নৈত অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Encounter in Hajo : পুনৰ অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা