Bloated Stomach: খোৱাৰ পিছত আপোনাৰ পেট ফুলি উঠে নেকি? এই ৪বিধ খাদ্য আপোনাৰ তালিকাৰ পৰা বাহিৰ কৰক
আজিকালি অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছে। বিশেষকৈ প্ৰায় আমি পেটৰ সমস্যাৰ সন্মুখীন হওঁ, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি আমাৰ দৈনন্দিন খাদ্যৰ তালিকাৰ পৰা কিছুমান খাদ্য ত্যাগ কৰিব লাগিব(Bloated Stomach)।
বৰ্তমান যুগত আমাৰ ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যা সন্মুখীন হৈছো। যেতিয়া ব্যক্তি এজনৰ বমি, গেছ, পেটৰ বিষ, অস্বস্তি অনুভৱ আদি লক্ষণবোৰে দেখা দিয়ে তেতিয়াই ব্যক্তিজনে অলপ যত্ন লয়, তেন্তে সমস্যাটো সোনকালে আঁতৰি যাব পাৰে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এনে কিছুমান খাদ্য আছে যাৰ ফলত আমাৰ পেটৰ সমস্যাৰ বৃদ্ধি কৰে । আপুনি সেই বস্তুবোৰৰ বিষয়ে জানেনে।
আহক আজি আমি সেই খাদ্যবোৰৰ বিষয়ে জানো
১. ব্ৰকলি
যদি আপোনাৰ পেট ফুলাৰ সমস্যা আছে, তেনে পৰিস্থিতিত ব্ৰকলি সেৱন নকৰিব।কাৰণ আমাৰ পেটে ব্ৰকলি হজম কৰাত সমস্যা অনুভৱ কৰিব পাৰে, যাৰ ফলত এই সমস্যা আৰু বৃদ্ধি হ’ব পাৰে।
২. আপেল
যদি কাৰোবাৰ পেটৰ সমস্যা আছে, আপোনাৰ আহাৰত আপেল নাখাব। কিয়নো আপেল হৈছে আঁহৰ এক সমৃদ্ধ উৎস, যি কেৱল গেছৰ সমস্যা সৃষ্টি কৰাই নহয় লগতে পেট ফুলা সমস্যা আৰু বিষৰ কাৰণ হ’ব পাৰে।
৩. নহৰু
যদি আপোনাৰ পেটৰ ফুলা সমস্যা হৈছে তেন্তে নহৰু নাখাব
৪.বীন
বীন সেৱনে পেটৰ সমস্যা বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত ইয়াক গ্ৰহণ কৰাৰ পৰা দুৰত থাকক। বীনত যথেষ্ট পৰিমাণৰ আঁহত পোৱা যায় যি ডায়েৰিয়াৰ সমস্যাৰ কাৰণ নহয় কিন্তু পাকস্থলী ফুলা আৰু পেঠৰ বিষৰ কাৰণ হ’ব পাৰে।