Local, Vocal, Global

আৰ্শীবাদ! চাকৰি পোৱা এই সকল কপলীয়া কোন জানেনে?

নিউজ ডেস্ক : এইবাৰ ঘনিষ্ঠক চাকৰি দিয়াৰ অভিযোগত বিতৰ্কত বিজেপি বিধায়ক। ২৩ লাখৰ ঘড়ী পিন্ধা বিধায়ক মানৱ ডেকা সোমাই পৰিছে বিতৰ্কত।


লখিমপুৰ মেডিকেল কলেজত বিধায়কৰ ঘনিষ্ঠই চাকৰি পোৱাৰ অভিযোগ। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠই চাকৰি পোৱাৰ অভিযোগ।


মানৱ ডেকাৰ পত্নীৰ ৰান্ধনী ভৱেশ ভূমিজ, চন্দন দাস, মানৱ ডেকাৰ পত্নীৰ সহায়িকা পল্লৱী গোহাঁয়ে চাকৰি পোৱাৰ অভিযোগ। ডেকাৰ ঘনিষ্ঠ বিজেপি নেতা হিতেশ বৰাই চাকৰি পোৱাৰ অভিযোগ।


সামাজিক মাধ্যমত কেইবাগৰাকী লোকে এই অভিযোগ আনিছে। অভিযোগ উত্থাপনৰ পাছতে বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


অংকুমান বৰদলৈ নামৰ যুৱকজনে ফেচবুকত দিছিল এটা পোষ্ট। ফেচবুকৰ পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছিল। মেডিকেল কলেজৰ নিযুক্তি পৰীক্ষাত উকা বহী জমা দিয়াৰ অভিযোগ।


আমিনুল হক নামৰ পৰীক্ষাৰ্থীয়ে আন এজন পৰীক্ষাৰ্থীয়ে উকা বহী জমা দিয়াৰ অভিযোগ আনিছিল উকা বহী জমা দিয়া পৰীক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হোৱা বুলিও অভিযোগ।