Blast on court premises in Sonari: সোণাৰিত আদালত চৌহদত বিস্ফোৰণ; আহত অস্থায়ী কৰ্মচাৰী

সোণাৰি,২১জানুৱাৰী : চৰাইদেউ ন্যায়িক আদালতৰ চৌহদত প্ৰচণ্ড শব্দ । মঙলবাৰে দিনৰ প্ৰায় ১:৪৫ মান বজাত চৰাইদেউ ন্যায়িক আদালতৰ চৌহদত হোৱা এটা প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটোৰ ৰাইজক ত্ৰাসিত কৰি তোলে । আদালতৰ কিছুমান অপ্ৰয়োজনীয় কাগজ-পত্ৰ আৰু অন্যান্য বস্তু আদালতত নিয়োজিত পুলিচ বিষয়াই জ্বলাই থকাৰ অৱস্থাত প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কঁপাই তোলে।
ৰহস্যজনক ভাৱে কি শব্দই গোটেই অঞ্চলটো কঁপাই তুলিলে এতিয়ালৈকে অনুমান কৰিব পৰা হোৱা নাই । উক্ত শব্দ হোৱা স্থানত বহুত সংখ্যক ঠাইৰ ঘাঁহ-বন জ্বলি চাই হৈ যায় । উপস্থিত ৰাইজে জুই জ্বলোৱা ঠাইত কোনো বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ কৰিছে(Blast on court premises in Sonari)।
ঘটনাটোত নিচান দাস নামৰ উকীল সংস্থাত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী আহত হয় । আহত ব্যক্তিজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ প্ৰায় আধা ঘণ্টাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে।
ইয়াৰ পিছতে সোণাৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে।