Local, Vocal, Global

দেশত এতিয়া বিজেপিৰ তালিবানী কুচকাৱাজ! দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব ভাৰতীয় মুছলমান!

নিউজ ডেস্ক : দেশত হিন্দুত্ববাদৰ আগ্ৰাসনে ক্ৰমাৎ নাগৰিকৰ স্বাধীনতাকো যেন পদাঘাত কৰিব লাগিছে প্ৰতিনিয়ত৷ দেশত ইতিমধ্যে সিঁচি দিয়া হৈছে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্প৷ দেশৰ সৰলমান নাগৰিকৰ মাজত সঞ্চাৰ কৰা হৈছে মুছলমানৰ ভীতি৷ অপ্ৰাসংগিকভাৱে বাৰাম্বাৰ প্ৰচাৰ চলোৱা হৈছে ইছলামিক আগ্ৰাসনৰ৷ দেশৰ কোটি কোটি দৰিদ্ৰ জনগণৰ মাজত সিঁচি দিয়া হৈছে শ্ৰেণী সংঘাতৰ বীজ৷

সৰ্বত্ৰ চলিব লাগিছে জাত-পাটৰ ৰাজনীতি৷ নাগিৰকৰ মৌলিক অধিকাৰ খৰ্ব কৰিবলৈও তৎপৰ হৈ উঠিছে বিজেপি আৰু আৰএছএছৰ মদৎপুষ্ট একাংশ নেতা৷ নাগৰিকৰ খাদ্যভ্যাস নিয়ন্ত্ৰিত অথবা সীমিত কৰিবলৈ কূটিল ষড়যন্ত্ৰ আৰম্ভ কৰিছে একাংশ তথাকথিত হিন্দুবাদী নেতাই৷ গো-মাংসৰ প্ৰচলন আৰু ব্যৱসায়ক লৈ ইতিমধ্যে সংশোধন কৰা হৈছে বহু আইনৰ৷ কিন্তু তাৰ পাছতো নাগৰিকৰ স্বাধীনতাত আক্ৰোশমূলকভাৱে হস্তক্ষেপ কৰাৰ মানসিকতা শেষ হোৱা নাই হিন্দুত্বববাদী নেতাৰ৷ ২৩ ছেপ্টেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰে এগৰাকী বিজেপি নেতাৰ তেনে আবেদন৷ যি আবেদনৰ জড়িয়তে নাগৰিকৰ খাদ্যভ্যাসৰ ওপৰত প্ৰতিবন্ধকতা আনিব বিচৰা হৈছিল৷ কিন্তু কেনেকৈ?

বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে সুৰাপানৰ ওপৰত নিষেধাজ্ঞা বিচাৰি এক জনস্বাৰ্থ জনিত আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত৷

বিজেপিৰ এইগৰাকী নেতাই হয়তো উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি জনতাৰ খাদ্য অধিকাৰ খৰ্ব কৰিব বিচাৰিছিল৷ কিন্তু ন্যায়ালয়ত সেই আবেদন খাৰিজ হোৱাৰ লগে লগে বিজেপিৰ অন্য এক কূটিল ষড়যন্ত্ৰ হয়তো ব্যৰ্থ হ’ল৷ কিন্তু ইয়াৰ লগে লগে উত্থাপিত হৈছে অন্য বহু প্ৰশ্ন৷

২০১৪ চনৰ পাছত বিভিন্ন বিষয়ত বাৰাম্বাৰ বিঘ্নিত হৈছে জনতাৰ স্বাৰ্থ৷ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ নামত বঞ্চিত কৰা হৈছে দেশৰ কোটি কোটি দৰিদ্ৰ জনগণক৷ শ্ৰমজীৱি আৰু কৃষিজীৱি দৰিদ্ৰ মুছলমান পৰিয়ালৰ যুৱক-যুৱতীক বিভিন্ন কৌশলেৰে অপৰাধী সজাবলৈ ষড়যন্ত্ৰ চলা বুলি অভিযোগ উঠিছে বহুবাৰ৷ এই অভিযোগ সঁচা নে মিছা সেয়া যথা সময়ত দেশবাসীৰ ওচৰত জলজল পটপট হৈ উঠিব৷ কিন্তু নাগিৰকৰ অধিকাৰ খৰ্ব কৰিবলৈ একাংশ হিন্দুত্ববাদী নেতাই অবিৰতভাৱে যি আত্মঘাতী প্ৰচেষ্টা চলাব লাগিছে সেয়া যথেষ্ট উদ্বেগজনক৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি জুৰুলা কৰিছে জনতাক৷ দেশৰ কোটি কোটি দৰিদ্ৰ জনগণে খাদ্য বস্ত্ৰ আৰু বাসস্থানৰ বাবে সংগ্ৰাম চলাব লাগিছে দুৰ্নিবাৰ৷ আৰু থিক সেই সময়তে জনতাৰ মৌলিক অধিকাৰ বিনাশ কৰিবলৈ তৎপৰ হৈ উঠিছে একাংশ হিন্দুত্ববাদী নেতা৷ অৱশ্যে তেনে এক আবেদন আদালতে খাৰিজ কৰাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ হিচাপে বিবেচিত হৈছে৷