BJP worker body found at Noonmati : নুনমাটি ছেক্টৰ ৩ৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ

নিউজ ডেস্ক,১৮আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(BJP worker body found at Noonmati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।
মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ নুনমাটি ছেক্টৰ ৩ৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ হয় এগৰাকী বিজেপি কৰ্মীৰ মৃতদেহ । দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো ।
জানিব পৰা মতে,উদ্ধাৰ হোৱা মৃতটো ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ গীতা মন্দিৰ মণ্ডল কমিটীৰ কাৰ্যালয় সম্পাদক অশোক বৰ্মন(টিকু) বুলি চিনাক্ত কৰা হৈছে ৷মৃত অশোৰ বৰ্মনৰ ঘৰ নুনমাটি শালবাৰী, দুই নং বাপুজী নগৰত ।
পৰিয়ালৰ লোকৰ সন্দেহ অনুসৰি যুৱকজনক হত্যা কৰি পেলাই থৈ গৈছে । মৃত যুৱকজনৰ মূৰৰ পিচফালে আৰু ভৰিৰ তলত আঘাতৰ চিন স্পষ্ট হৈ থকালৈ চাই কোনো লোকে হত্যা কৰি ৰে’ল লাইনৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকে । তাৰোপৰি যুৱকজনৰ বাইক চাবি লগোৱা অৱস্থাত পোৱা গৈছে ৰে’ল লাইনৰ সমীপৰ মূল পথত ।
ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰে’ল আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । ভুক্তভোগী পৰিয়ালৰ পৰা জানিব পৰা মতে শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জিমত শৰীৰ চর্চা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন । তাৰ পিচৰ পৰা সন্ধানহীন হৈ থকা অশোক বৰ্মনক আজি পুৱা প্ৰায় ৯ মান বজাত নুনমাটিৰ ছেক্টৰ ৩ ৰ ৰে’ললাইন কাষত মৃত অৱস্থাত ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে । লগৰ বন্ধুৰ সৈতে থকা ব্যৱসায়ীক শত্ৰুতা তথা ধনৰ লেনদেনৰ বাবে কোনো বন্ধুৱে অশোকক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ (BJP worker body found at Noonmati)।
লগতে পঢ়ক : Two minor boys died after drowning in a pond :খেলি থকা অৱস্থাতে পুখুৰীত পৰি সললি সমাধি ঘটে দুটি কণমানিৰ