আকৌ এবাৰ বিজেপিৰ বৃহৎ জয়লাভ! ৫ ৰাজ্যৰ ৪ খনতে ফুলিল পদুম, ১খনত আপৰ চৰকাৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : ৫ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত ১০ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল বিধানসভা নিৰ্বাচনৰ ভোট গণনা। বৰ্তমানলৈ ভোটগণনা অন্ত পৰা নাই যদিও পঞ্জাৱত আপ দলে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈছে। পঞ্জাৱত আপে ১১৭ খন আসনৰ ভিতৰত প্ৰায় ৯০ খন আসন লাভৰ দিশে আগবাঢ়িছে।

আনহাতে, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠন কৰাৰ দিশে। উত্তৰ প্ৰদেশত বিজেপিয়ে ২৪৬ খন আসনত আগবাঢ়ি আছে। একেদৰে গোৱা আৰু মণিপুৰতো চৰকাৰ গঠনৰ দিশে বিজেপি।
উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত অধিকাংশ আসনেই বিজেপি দখললৈ অহাৰ বাবে বিজেপিৰ জয় প্ৰায় নিশ্চিত হৈ পৰিছে।