Local, Vocal, Global

BJP Wants Me Behind Bars Before Lok Sabha Polls : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মোৰ পিছত লাগি আছে আৰু মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে – দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক, ৪ডিচেম্বৰ : EDৰ চমন সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সংবাদমেল । সংবাদমেলত EDৰ চমন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে কেজৰিৱালে(BJP Wants Me Behind Bars Before Lok Sabha Polls) ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল যোগে তেওঁৰ সততাৰ কথা পুনৰবাৰে দোহাৰে । তেওঁ সংবাদমেলযোগে কয়, “লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মোৰ পিছত লাগি আছে আৰু মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে ।”
আনহাতে, কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মীসকলৰ সন্দৰ্ভত বক্তব্য ৰাখি আপৰ আহ্বায়কগৰাকীয়ে কয় যে সৎ নেতাসকলে আক্ৰমণৰ সন্মুখীন হৈছে । কাৰণ তেওঁলোকে গেৰুৱা দলত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে । কেজৰিৱালে এই পদক্ষেপক ‘মুক্ত গুণ্ডাগিৰি’ বুলি অভিহিত কৰি দাবী কৰে যে চমনবোৰ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত ।

ইফালে গোচৰটোত কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মী মনীষ ছিছোডিয়া আৰু সঞ্জয় সিঙৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি কেজৰিৱালে বিজেপিৰ হেঁচাত আপোচ নকৰা আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে দুয়োকে প্ৰশংসা কৰে(BJP Wants to Arrest Me Using ED, CBI, says Arvind Kejriwal after skipping third summon) ।

উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰৰ তৃতীয়টো চমনো এৰাই যায় আৰু ইডিৰ জাননীক অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে ।

লগতে পঢ়ক :ED Likely to Arrest Delhi CM Arvind Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা ED ৰ