BJP National President JP Nadda Seeks Blessings At Kamakhya Temple : শক্তিপীঠ কামাখ্যাত মাৰ আশিস ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই
নিউজ ডেস্ক, ১০জানুৱাৰী : মা কামাখ্যা ধামত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। শক্তিপীঠ কামাখ্যাত মাৰ আশিস ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
বুধবাৰে পুৱাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কামাখ্যা মন্দিৰ দৰ্শন কৰে । ৰাষ্ট্ৰীয় সভাপতি গৰাকীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ বিষয়াই । কামাখ্যা দেৱীৰ আশিস গ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী পুনৰ কইনাধাৰাস্থিত অতিথিশালালৈ উভতি যায়(BJP National President JP Nadda Seeks Blessings At Kamakhya Temple) ।
জানিব পৰা মতে, আজি দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে । তেওঁক খানাপাৰাৰ পৰা কলাক্ষেত্ৰলৈ যোৱাৰ সমগ্ৰ পথচোৱাত প্ৰায় দহ হাজাৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি উষ্ম আদৰণি জনাব(BJP National President JP Nadda Seeks Blessings at Maa Kamakhya Temple) ।
লগতে সন্ধিয়া ৬.৩০ বজাত বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ এখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰিব । তাৰ পাচত নিশা কইনাধাৰাস্থিত অতিথিশালাত অতিবাহিত কৰি ১১ জানুৱাৰীৰ পুৱা ৯ বজাত দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্য ইটানগৰ অভিমুখে ৰাওনা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP National President JP Nadda seeks Blessings at Maa Kamakhya Temple) ।
উল্লেখ্য যে মঙলবাৰে নিশা ১০ বজাত গুৱাহাতীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। মঙলবাৰে নিশা বৰঝাৰ বিমান বন্দৰত সভাপতিগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । মঙলবাৰে নিশাটো কইনাধাৰাস্থিত অতিথিশালাত কটায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।