Local, Vocal, Global

BJP MLA Suman Haripriya compared Rahul Gandhi to an alien : ৰাহুল গান্ধীক কোন গ্ৰহৰ প্ৰাণী মই নাজানো – বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া

নিউজ ডেস্ক,১৯ জানুৱাৰী : ৰাহুল গান্ধীক সমালোচনা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ । কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এলিয়েন আখ্যা বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ(BJP MLA Suman Haripriya compared Rahul Gandhi to an alien) ।

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত সাংবাদিতে সোধা এক প্ৰশ্ন উত্তৰত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই কয় যে, ‘‘মই ৰাহুল গান্ধীক চিনি নাপাওঁ , কোনটো গ্ৰহৰ পৰা আহিছে ৰাহুল গান্ধী মই নাজানো ।

ৰাহুল গান্ধী কোন গ্ৰহৰ প্ৰাণী মই নাজানো । মাজে মাজে এলিয়েন ওলাই ৰাহুল গান্ধীয়ো তেনেকুৱা এলিয়েন ! আজি আছে কাইলৈ আকৌ উৰি যাব নিজৰ গ্ৰহলৈ।’’

উল্লেখ্য যে, হাজোৰ গণেশ মন্দিৰত অনুষ্ঠিত স্বচ্ছ তীৰ্থ অভিযানৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। দলীয় কৰ্মীৰ লগতে জিলা বিজেপিৰ সভাপতি সুবল পাল সহিতে হাতত ঝাড়ু লৈ স্বচ্ছ তীৰ্থ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই।

লগতে পঢ়ক :Cachar Police Seized Drugs Worth Rs 6 Crore : কাছাৰত ৬ কোটি টকাৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ ৪জন সৰবৰাহকাৰী