Local, Vocal, Global

WATCH | BJP leader shoots wife and three kids : নিজৰ পত্নী আৰু ৩ সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে বিজেপি নেতাই

নিউজ ডেস্ক,২৩মাৰ্চ : নিজৰ পত্নী আৰু ৩সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে বিজেপি নেতাই। পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা।

পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰি বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। বিজেপি নেতাই একেলগে গুলীয়াই থকা-সৰকা কৰিলে পত্নী-সন্তানক। ৩ সন্তানৰ লগতে পত্নীক গুলীয়ালে বিজেপি নেত যোগেশ ৰ’হিলাই। বিজেপি নেতাজনৰ গুলীত প্রাণ হেৰুৱালে তিনিওটা সন্তানে। গুলীবিদ্ধ পত্নী সম্প্রতি জীৱন-মৃত্যুৰে যুঁজিছে হাস্পতালৰ বিচনাত । শ্ৰদ্ধা নামৰ ১১ বছৰীয়া কন্যা, বছৰীয়া পুত্ৰ দেৱাংশ আৰু ৪ বছৰীয়া শিৱাংশৰ মৃত্যু(BJP leader shoots wife and three kids)।

উত্তৰ প্ৰদেশৰ ছহাৰনপুৰ ছাংগঠেড়া গাঁৱত এই দেশ জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে ।

পত্নীক সন্দেহ কৰি প্রায়ে কাজিয়া কৰিছিল বিজেপি নেতা যোগেশে । কোনো যুৱকৰ সৈতে পত্নীয়ে সম্পৰ্ক ৰখাৰ সন্দেহ কৰিছিল বিজেপি নেতাজনে ।

শনিবাৰে পত্নীয়ে ৰোমাণ্টিক গান গাই থাকোঁতেই পুনৰ লিপ্ত হয় কাজিয়াত । পত্নী, সন্তানক গুলীয়াই নিজেও চৰম পন্থা বাচি লোৱাৰ চেষ্টা চলাইছিল যোগেশে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভয়ংকৰ কাণ্ড কৰা বিজেপি নেতা যোগেশক।

লগতে পঢ়ক : WATCH | Nagarbera News : ইটা ভৰ্তি নম্বৰ বিহীন ট্ৰেক্টৰৰ পৰা পৰি থিতাতে মৃত্যু যুৱকৰ