Local, Vocal, Global

BJP leader G Devaraje Gowda arrested in sexual assault case : যৌন নিৰ্যাতনৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক,১১মে’ : যৌন নিৰ্যাতনৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে । বিজেপি নেতা তথা অধিবক্তা দেৱৰাজে গৌড়াকৰ বিৰুদ্ধে এই অভিযোগ ।

জানিব পৰা মতে, এগৰাকী মহিলাই বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে আৰু হোলেনাৰসীপুৰ থানাত এজাহাৰ দাখিল কৰে ।১ এপ্ৰিলত মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিতে অধিবক্তা দেৱৰাজে গৌড়াক আৰক্ষীয়ে আটক কৰে আৰু উক্ত অভিযোগ সন্দৰ্ভত জেৰা কৰে ।

শুকুৰবাৰৰ নিশা হাছান আৰক্ষীৰ তথ্যৰ ভিত্তিত হিৰিউৰ আৰক্ষীয়ে আটক কৰে দেৱৰাজে গৌড়াক । দেৱৰাজে গৌড়াক হিৰিউৰ থানালৈ লৈ যোৱা হৈছে আৰু হাছান আৰক্ষীক গতাই দিয়া হ’ব ।

উল্লেখ্য যে, হাছান জিলাৰ হোলেনাৰসীপুৰ থানাত ১ এপ্ৰিলৰ দিনা ভুক্তভোগীয়ে দাখিল কৰা অভিযোগ অনুসৰি অভিযুক্ত দেৱৰাজে গৌড়াই ছাইটটো বিক্ৰী কৰাত সহায় কৰাৰ অজুহাত দেখুৱায় তেওঁক যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলিছে( BJP leader G Devaraje Gowda arrested in sexual assault case) ৷

ইয়াৰ লগতে ফটোসমূহ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ ভাবুকিও প্ৰদান কৰিছে যদিহে মহিলাগৰাকীয়ে তেওঁৰ কথা নামানে । বৰ্তমান জনতা দল চেকুলাৰৰ পৰা নিলম্বিত নেতা প্ৰজ্বল ৰেভানাৰ কিছুমান বিতৰ্কিত ভিডিঅ’ ভাইৰেল হৈ পৰিছে । হাছানৰ সাংসদ প্ৰজ্বল ৰেৱন্নাৰ যৌন নিৰ্যাতন সম্বন্ধীয় বিতৰ্কিত পেন ড্ৰাইভ ভাইৰেল কৰা অভিযোগৰো সন্মুখীন হৈছে বিজেপি নেতা তথা অধিবক্তা দেৱৰাজে গৌড়া ৷ ৰাজ্য চৰকাৰে উক্ত ঘটনাটো তদন্তৰ বাবে এছআইটি গঠন কৰিছে । মঙলবাৰে ৰেৱন্নাক দলৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক : Sex racket busted in Arunachal : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত দেহ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ উৎখাত