Local, Vocal, Global

BJP leader elopes with wife’s in-law:পত্নীৰ বৌৱেকক পলুৱাই নি ৰাইজৰ ৰোষত বিজেপি নেতা মৃদুল চহৰীয়া

২৯ জানুৱাৰী ২০২৫,জাগিৰোড :মৰিগাঁও বিজেপি যুৱ মৰ্চাৰ সদ্য বহিস্কৃত সম্পাদক মৃদুল চহৰীয়াক এগৰাকী বোৱাৰী পলুৱাই নি থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আগুচি ধৰি হাত ভৰি বান্ধি ৰাইজে দিলে উত্তম মাধ্যম।
বিশেষ খৱৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জাগীৰোড থানাৰ আৰক্ষীৰ দল।অৱশেষত মৃদুল চহৰীয়াক উদ্ধাৰ কৰি সোধপোচৰ বাবে জাগীৰোড থানাত লৈ যায় আৰক্ষী দলটোৱে। মৃদুল চহৰীয়া জাগীৰোড আৰক্ষীৰ জিম্মাত ।অভিযোগ অনুসৰি দীৰ্ঘ দিন ধৰি এগৰাকী বোৱাৰীৰ সৈতে মৃদুল চহৰীয়াই চলাই গৈছিল গোপন সম্পৰ্ক। এই কথা মৰিগাঁও জিলা বিজেপিৰ সভাপতি সম্পাদকে জানিব পাৰি যোৱা ২২ জানুৱাৰীত যুৱ মৰ্চাৰ সম্পাদক পদৰ পৰা বহিস্কৃত কৰাৰ কথা এক দলীয় বিবৃতিত প্ৰকাশ কৰিছে ৷