Local, Vocal, Global

BJP Leader Commited Suicide:সোণাৰিত বিজেপি নেতাৰ চৰম পন্থা

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : সোণাৰিত বিজেপি নেতাৰ চৰম পন্থা ৷ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত ৷ দেৱজিত হাজৰিকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ( BJP Leader Commited Suicide)।

ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত দেৱজিত হাজৰিকাই চিপজৰী লৈ আত্মহত্য়া কৰে ।মৃত ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকা চৰাইদেউ জিলা বিজেপিৰ এজন অতি সক্ৰিয় নেতা আছিল । এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । জিলা আয়ুক্তই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । তদন্তৰ কোনো ধৰণৰ ফলাফল লাভ কৰা নাছিল পঞ্চায়ত সভাপতিজনে। কিন্তু ইয়াৰ পাচতো বাতৰি সম্প্ৰচাৰিত কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতিজনৰ পত্নীৰ । এই ঘটনাটোৰ পাচতে ঘটনাস্থলীত পত্নীয়ে কান্দি কান্দি সকলো কথা বিৱৰি কৈছে সংবাদ মাধ্যমত ।

ৰাজ্যৰ দুটাকৈ সংবাদ মাধ্যমে পৰিকল্পিতভাৱে সংবাদ পৰিৱেশন কৰি মানসিক ভাবে হাৰাশাস্তি কৰাৰ অভিযোগ কৰি পঞ্চায়ত সভাপতিজনৰ পত্নী মৌচুমী হাজৰিকাই কয়, “ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি আছো, এবাৰ ৰিচিভ কৰক, মই কাতৰ আহ্বান জনাইছো ।” লগতে এই ঘটনাক উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে মৌচুমী হাজৰিকাই ।

লগতে পঢ়ক :Jayanta Hazarika Birth Anniversary : আজি যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী