BJP condemns killing of former Sarpanch in Shopian terror attack : শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা
নেশ্যনেল ডেস্ক,১৯মে’ : শনিবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সন্ত্ৰাসবাদীয়ে বিজেপিৰ এগৰাকী নেতা তথা প্ৰাক্তন চৰপঞ্চক আক্ৰমণত নিহত দলীয় নেতা । বিজেপিৰ নেতাক আক্ৰমণৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । দলৰ নেতাক হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে মৃতকৰ পৰিয়ালৰ সৈতে বিজেপিয়ে একাত্মতা প্ৰকাশ কৰে(BJP condemns killing of former Sarpanch in Shopian terror attack) ।
জম্মু-কাশ্মীৰৰ বিজেপি মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত চাজিদ ইউছুফ শ্বাহে এক্সৰ এটা পোষ্টত কয় যে শ্বপিয়ানৰ হিৰপোৰাত প্ৰাক্তন চৰপঞ্চ আইজাজ আহমেদ শ্বেখক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ বাবে দলটোৱে তীব্ৰ গৰিহণা দিছে । পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে নিহত লোকজন জম্মু-কাশ্মীৰত বিজেপিৰ এগৰাকী সাহসী কৰ্মী আছিল ।
উল্লেখ্য যে, আৰক্ষীয়ে জনোৱা মতে শনিবাৰে নিশা শ্বপিয়ান জিলাৰ হিৰপোৰাত সন্ত্ৰাসবাদীয়ে আইজাজ আহমেদ শ্বেখৰ ওপৰত গুলীচালনা কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বেখক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ তাত মৃত্যু হয় ।
ইফালে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ আন এক আক্ৰমণত শনিবাৰে নিশা ইয়ান্নাৰ অঞ্চলত ৰাজস্থানৰ জয়পুৰৰ এক দম্পতী আহত হয় । আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীয়ে অনন্তনাগৰ ইয়ান্নাৰত জয়পুৰৰ বাসিন্দা ফাৰহা আৰু তেওঁৰ পত্নী তাব্ৰেজৰ ওপৰত গুলীচালনা কৰিছিল । এই আক্ৰমণত দুয়োগৰাকী আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলি আৰক্ষীয়ে অৱগত কৰিছে ।
লক্ষণীয়ভাৱে শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পুঞ্চত বায়ু সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । য’ত এগৰাকী জোৱান শ্বহীদ হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও অভিযান অব্যাহত ৰাখিছে । নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত কেইবাটাও সন্ত্ৰাসবাদী নিহত হৈছে ।
লগতে পঢ়ক :Cattle Smuggling : মানকাচৰ-বাংলাদেশ সীমান্তত জব্দ ১১ টা চোৰাং গৰু