Two tribal women stripped naked : মানৱ সমাজক লজ্জানত কৰা ঘটনা পশ্চিমবংগত

নেশ্যনেল ডেস্ক, ২২জুলাই: মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পশ্চিমবংগত । মণিপুৰৰ পিছত এইবাৰ পশ্চিমবংগত মহিলাক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । পশ্চিমবংগত দুই মহিলাক কৰিলে বিবস্ত্ৰ । ৫০টাৰো অধিক নৰপিশাচে চলালে ভয়ংকৰ কাণ্ড।সামন্য চুৰিকাণ্ডৰ বাবে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে । মেইটেই আৰু কুকিসকলৰ মাজত সংঘৰ্ষৰ চলি থকাৰ মাজতে এনে এক অতি নিকৃষ্ট ঘটনা পোহৰলৈ আহিছে ৷ যিয়ে এতিয়াই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে(Manipur violence) । এনে এক দানৱ ৰূপী মানৱৰ নিকৃষ্ট কাণ্ডই লজ্জানত কৰিছে এখন সভ্য সমাজক । মানৱ কিমান নিকৃষ্ট হব পাৰে তাৰে যেন এক উদাহৰণ এই মানৱ ৰূপী দানৱ ।
শেহতীয়াকৈ মণিপুৰৰ ঘটনা পোহৰলৈ অহা এই ভিডিঅ’ই ইয়াকে প্ৰমাণ কৰাই যে মণিপুৰৰ পৰিৱেশ কিমান পাশৱিক আৰু ভয়াৱহ(Two tribal women stripped naked) । এদল লোকে দুগৰাকী যুৱতীগৰাকীক উলংগ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি ৰাজপথত ৰেলী কৰি লৈ গৈ থাকে এই ভিডিঅ সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু যিয়েই দেখিছে তেওঁৰেই গাৰ নোম শিয়ৰি উঠিছে ৷ শেহতীয়াকৈ মণিপুৰৰ জঘন্যই ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছে চাঞ্চল্যৰ । দেশজুৰি সাব্যস্ত হৈছে প্ৰতিবাদ ।
শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক জঘন্য ঘটনাৰ । বিজেপিৰ তথ্য প্ৰযুক্তি বিভাগৰ মুৰব্বী অমিত মালৱীয়ই অভিযোগ কৰিছে যে কিছুদিন পূৰ্বে পশ্চিমবংগত মণিপুৰৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল ।পশ্চিমবংগ দুগৰাকী জনজাতীয় মহিলাৰ ওপৰত কৰা হৈছিল পাশৱিক নিৰ্যাতন। দুগৰাকী মহিলাক উলংগ কৰা হৈছিল আৰু অত্যাচাৰ কৰা হৈছিল । কিন্তু বংগ আৰক্ষীয়ে ইয়াক লৈ নিৰৱ ভূমিকা গ্ৰহন কৰিছিল( BJP claims two tribal women stripped naked tortured in Bengals Malda) ।
প্ৰাপ্ত তথ্য অনুসৰি, অমিত মালৱীয়ে এটা টুইটা কৰে যে ১৯ জুলাইত মালদাত সংঘটিত হৈছিল এই জঘন্য কাণ্ডটো । তেওঁ লগতে এখন অস্পষ্ট ছবিৰ সৈতে এটা ভিডিঅ’ও পোষ্ট কৰে । লগতে অমিত মালৱীয়ে মণিপুৰৰ ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো আক্ৰমণ কৰে আৰু কয় যে এইটো এনে এটা ঘটনা, যাৰ ওপৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল । কিন্তু তেওঁ ঘটনাটোৰ ওপৰত ব্যৱস্থা লোৱাৰ কথাটো বাদেই, গৰিহণাও দিয়া নাছিল(Two tribal women stripped naked tortured in Bengal) ।
বিজেপি নেতা অমিত মালৱিয়াই নিজৰ টুইটযোগে দাবী কৰে যে এই ঘটনা ১৯ জুলাইত মালদাৰৰ বামংগোলা থানাৰ পকুৱাহাটত সংঘটিত হৈছিল।কেৱল বিজেপি নেতা অমিত মালৱিয়াই নহয় বহু বিজেপি নেতাই ভিডিঅ’টো টুইট কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ, মহিলা মৰ্চাৰ ৰাজ্যিক সভাপতি ফালগুনি পাত্ৰকে ধৰি বহুকেইজনে নেতাই এই ভিডিঅ’টো শ্বেয়াৰ কৰে। সুকান্ত মজুমদাৰে পোনপটীয়াকৈ বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ক লক্ষ্য কৰি লৈছিল(Two tribal women stripped naked)।
কিন্তু মণিপুৰৰ ঘটনা অনুৰূপ ঘটনা কংগ্ৰেছ শাসিত ৰাজ্যসমূহ আৰু তৃণমূল শাসিত ৰাজ্য পশ্চিমবংগতো অত্যাচাৰৰ একেধৰণৰ ঘটনা দেখা গৈছে । মালৱীয়ই লগতে কয় যে পশ্চিমবংগত সন্ত্ৰাস অব্যাহত আছে । মালদাৰ বামাংগোলা আৰক্ষী থানাৰ পাকুৱাহাট অঞ্চলত দুজন জনজাতীয় মহিলাৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল ।
লগতে পঢ়ক : Maharashtra landslide : দ্বিতীয় দিনাৰ পৰা পুনৰ উদ্ধাৰ অভিযান অব্য়াহত , বৰ্তমান আৱদ্ধ ১১৯ জন লোক