ৰাজ্যসভা নিৰ্বাচনৰ এখন আসনৰ বাবে নাগালেণ্ডত বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত

নিউজ ডেস্ক, ২০ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডৰ প্ৰাৰ্থী চূড়ান্ত। ফাংনোন কন্যাকক একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে বিজেপিয়ে প্ৰদান কৰিছে প্ৰাৰ্থিত্ব। বৰ্তমান নাগালেণ্ড বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী ফাংনোন কন্যাক ।

উল্লেখযোগ্য যে, অসমৰ দুখন আসন আৰু নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবেই অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন। অৱশ্যে এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰা হোৱা নাই বিজেপি প্ৰাৰ্থী ফাংনোন কন্যাক।
উল্লেখযোগ্য যে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যসভাৰ সাংসদ হৈছে ফাংনোন কন্যাক। ১৯৬৩ চনৰে পৰা বৰ্তমান সময় লৈ নাগালেণ্ডৰ পৰা কেৱল এগৰাকী মহিলাহে সাংসদ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ হৈছে ৰানো এম ছাইজা, ১৯৭৭ চনত লোকসভালৈ নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছিল ৰানো এম ছাইজা। কিন্তু ৰাজ্যসভালৈ কোনো মহিলা প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই আজিলৈ।
সোমবাৰে বিয়লি ৩ বজাত দাখিল কৰিব মনোনয়ন পত্ৰ। উল্লেখযোগ্য যে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন আৰু একেদিনাই হ’ব ভোটগণনা।