Local, Vocal, Global

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা

নিউজ ডেস্ক, ২২ জুন : ভাৰতীয় জনতা পাৰ্টীৰ (BJP) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (NDA) Draupadi Murmuক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত বিজেপি সংসদীয় পৰিষদৰ বৈঠকৰ পিছত বিজেপি সভাপতি JP Nadda ই এই ঘোষণা কৰে।

জে পি নাড্ডাই কয়, “প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা জনজাতীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে। আমি আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দ্ৰৌপদী মুৰ্মুক এন ডি এৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। বিজেপি সংসদীয় পৰিষদে ৰাষ্ট্ৰপতি পদৰ মনোনীত ব্যক্তিৰ বাবে ২০ টা নাম আলোচনা কৰিছিল, পূব ভাৰতৰ পৰা এগৰাকী জনজাতীয় আৰু এগৰাকী মহিলাক বাছনি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, ।”

দ্ৰৌপদী মুৰ্মু এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল আছিল। ২০০০ চনত ঝাৰখণ্ড গঠন হোৱাৰ পিছত তেওঁ পাঁচ বছৰীয়া কাৰ্যকাল (২০১৫-২০২১) সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম গৰাকী ৰাজ্যপাল ।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ’ব আৰু ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ’ব। মনোনয়নৰ অন্তিম তাৰিখ ২৯ জুন নিৰ্ধাৰণ কৰা হৈছে।