Local, Vocal, Global

BJP Announces Candidates For Rajya Sabha Elections In Assam : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থীৰ মনোনয়ন দাখিল

নিউজ ডেস্ক,২১আগষ্ট : ৩ ছেপ্টেম্বৰৰ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনত অসমৰ দুখন আসনৰ বাবে মনোনয়ন দাখিল কৰিলে বিজেপিৰ দুই নেতাই ।

বুধবাৰে মনোনয়ন দাখিল কৰিলে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসে।আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে দুই বিজেপি নেতাই(BJP Announces Candidates For Rajya Sabha Elections In Assam)।

উল্লেখ্য যে, ৰামেশ্বৰ তেলী পূৰ্বে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ডিব্ৰুগড় লোকসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল।মিছন ৰঞ্জন দাস হ’ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৪বাৰৰ প্ৰাক্তন বিধায়ক।

মঙলবাৰে এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মঙলবাৰে বিয়লি নতুন দিল্লীত দুয়োৰে নাম ঘোষণা কৰে(BJP Announces Candidates For Rajya Sabha Elections In Assam)৷

লগতে পঢ়ক : Doctors and patients conflict : ক্লিনিকত অঘটন !ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে